কৰিমগঞ্জত ২ কোটি টকা মূল্যৰ গাঞ্জাসহ এজনক আটক

326

কৰিমগঞ্জ জিলাত শুকুৰবাৰে নিশা এখন ল’ৰীৰ পৰা প্ৰায় ২ কোটি টকা মূল্যৰ গঞ্জা জব্দ কৰাৰ লগতে ইয়াৰ চালকক গ্ৰেপ্তাৰ কৰা হয়।

জানিব পৰা মতে, চুৰাইবাৰী আৰক্ষী ৱাচ প’ষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শুকুৰবাৰে নিশা অসম-ত্ৰিপুৰা সীমান্তত আৰজে-১০ জিবি-৬৪৪২ নম্বৰৰ এখন ল’ৰীত তালাচী চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ গাঞ্জা খিনি।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা হ’ব। গাঞ্জা সৰবৰাহৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে বিহাৰৰ মনীষ কুমাৰ নামৰ চালকজনকো আটক কৰিছে।

উল্লেখ কৰিব পাৰি যে যোৱা ২৯ আগষ্টৰ নিশা চুৰাইবাৰীত এখন ট্ৰাকৰ পৰা প্ৰায় ১৫ কোটি টকাৰ গাঞ্জা জব্দ কৰা হৈছিল। আৰক্ষীৰ মতে, অসমত আজি পৰ্যন্ত হোৱা এটা অভিযানত এয়াই আছিল সৰ্বাধিক গাঞ্জা জব্দ। ইয়াৰ উপৰিও ২৭ আগষ্টত অসম আৰু ত্ৰিপুৰা আৰক্ষীৰ দুটা ভিন্ন অভিযানত অসম-ত্ৰিপুৰা সীমান্তৰ সমীপৰ চুৰাইবাৰীত প্ৰায় ১.১০ কোটি টকাৰ গাঞ্জা জব্দ কৰাৰ লগতে চাৰিজন লোকক আটক কৰে।