কৰিমগঞ্জত বৃহৎ পৰিমাণৰ হেৰোইনসহ ৩ জনক আটক

80

ড্ৰাগছ বিৰোধী যুঁজত আন এক সফলতা অসম আৰক্ষীৰ। এইবাৰ কৰিমগঞ্জত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰোইনসহ ৩ জন লোকক আটক কৰে আৰক্ষীয়ে। আৰক্ষীয়ে সদৰী কৰা মতে হেৰোইন খিনি ৪৬ টা চাবোনৰ বাকচত ভৰাই সৰবৰাহৰ চেষ্টা চলাই থকাৰ সময়তে বিএছএফ আৰু ৰাতাবাৰী আৰক্ষীয়ে যুটীয়া অভিযান চলাই জব্দ কৰে।

উদ্ধাৰ হোৱা সন্দেহযুক্ত হেৰোইনখিনিৰ ওজন প্ৰায় ৬০৫ গ্ৰাম হব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। সৰবৰাহ কাৰী কেইজনে এএছ 12ডি 1969 নম্বৰৰ এখন বাহনেৰে হেৰোইনখিনি সৰবৰাহৰ কৰাৰ সময়ত কৰিমগঞ্জৰ নিভিয়া বজাৰ অঞ্চলত আৰক্ষীয়ে জব্দ কৰে।

অধিক তথ্যৰ বাবে ধৃত লোক কেইজনক জেৰা অব্যাহত ৰাখিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে ঘটনাটোৰ বিষয়ে অৱগত কৰে।