বুধবাৰে কৰিমগঞ্জত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা সহ এই ব্যৱসায়ৰে জড়িত থকাৰ অভিযোগত এহাল মাতৃ-পুত্ৰক আটক কৰে।
ঘটনাসন্দৰ্ভত আৰক্ষীয়ে আটক কৰা মাতৃ-পুত্ৰৰ যুটিটোক ক্ৰমে দেৱযানী সৰকাৰ আৰু ৰসেন সৰকাৰ বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীয়ে দুটা চুটকেছৰ ভিতৰত উদ্ধাৰ কৰা বৃহৎ পৰিমাণৰ গাঞ্জাখিনি ত্ৰিপুৰাৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰাৰ সময়ত জব্দ কৰে।
