কৰিমগঞ্জত প্ৰায় ১ কোটি টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ

322

দেওবাৰে সীমান্ত সুৰক্ষা বাহিনী আৰু অসম আৰক্ষীৰ যৌথ অভিযানত অসমৰ কৰিমগঞ্জ জিলাত বৃহৎ পৰিমাণৰ অবৈধ ড্ৰাগছ জব্দ হয়।

কানিশ্বাইল অঞ্চলত সন্দেহযুক্ত চোৰাং ব্যৱসায়ীৰ পৰা ২০ হাজাৰ য়াবা টেবলেট জব্দ কৰে অভিযানকাৰী দলটোৱে।

এই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটৰ সৰবাহৰ অভিযোগত ইকবাল হুছেইন নামৰ এজন লোকক আটক কৰিছে আৰক্ষীয়ে।

সূত্ৰই জনোৱা মতে, জব্দ কৰা য়াবা টেবলেটৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১ কোটি টকা।