কৰিমগঞ্জত দালালৰ সহায়ত অবৈধ অনুপ্ৰৱেশ কৰা ২ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ

102

কৰিমগঞ্জ জিলাৰ অসম-ত্ৰিপুৰা সীমান্তৰ ওচৰত এখন গুৱাহাটী অভিমুখী বাছৰে যাত্ৰা কৰা দুজন বাংলাদেশী নাগৰিকক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

প্ৰতিবেদন অনুসৰি, বাংলাদেশী নাগৰিক দুজনে ত্ৰিপুৰাৰ আগৰতলাত আখাউৰা সীমান্তহৈ প্ৰতিজনৰ বাবে ৩ হাজাৰ টকাকৈ প্ৰদান কৰি দালালৰ সহায়ত ভাৰতত প্ৰৱেশ কৰিছিল।

ধৃত দুয়োজন ব্যক্তিক মাচুম বিল্লা (১৮) আৰু শ্বেখ বাপ্পী (৩৩) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে জেৰাৰ সময়ত, বাংলাদেশী নাগৰিক দুজনে গুৱাহাটী হৈ কলকাতালৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি স্বীকাৰ কৰে।