ক’ৰ’না সন্দৰ্ভত এইমছৰ মুৰব্বী ডাঃ ৰণদীপ গুলেৰিয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য

71

ক’ৰ’না সন্দৰ্ভত এইমছৰ মুৰব্বী ডাঃ ৰণদীপ গুলেৰিয়াই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।ক’ৰ’না দ্বিতীয় ঢৌৰ মাৰ নজাওতেই তৃতীয় ঢৌৰ সন্দৰ্ভত এইমছৰ মুৰব্বীয়ে কৰিছে এই গুৰুত্বপূৰ্ণ মন্তব্য।তেওঁ কয় যে অহা ছয়ৰ পৰা ৮ সপ্তাহৰ ভিতৰত ভাৰতত ক’ৰ’নাৰ তৃতীয় ঢৌ অহাৰ সম্ভাৱনা আছে।অন্যহাতে ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰিও, অহা ৬ৰ পৰা ৮ সপ্তাহৰ ভিতৰত ক’ৰ’নাৰ তৃতীয় ঢৌ দেশত আহিব পাৰে।
অন্যহাতে দেশত লকডাউন খোলাৰে পৰা পুনৰ ক’ভিডৰ নিয়ম নীতি মানি চলাটো হ্ৰাস হোৱা পৰিলক্ষিত হৈছে। ক’ভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ পৰা আমি একো নিশিকিলো। পুনৰ জনসমাগনৰ ভিৰ পৰিলক্ষিত হৈ আহিছে। এনেদৰেই যদি চলি থাকে তেন্তে ৰাষ্ট্ৰীয় স্তৰত ক’ৰ’না সংক্ৰমণ বৃদ্ধি পাবলৈ বৰ বেছি সময় নালাগিব…।’ ‘ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি নোপোৱাতো ক’ভিডৰ বাবে বান্ধি দিয়া নীতি-নিয়ম তথা ভিৰ নকৰাৰ ওপৰতহে নিৰ্ভৰ কৰে।’- বুলিও কয় ডাঃ গুলেৰিয়াই। উল্লেখযোগ্য যে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রণালয়ে শনিবাৰে পুৱা জাৰি কৰা তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে ৬০৭৫৩জন লোক।