ষ্টাফৰিপৰ্টাৰ, ১ জুন : হিন্দুস্তান ইউনিলিভাৰ লিমিটেডৰ বিতৰক মেছাৰ্ছ এলাইট ভেঞ্চাৰে সোমবাৰে
কৰ’না বিৰোধী যোদ্ধাৰ মাজত সামগ্ৰী বিতৰণ কৰে। বিশেষকৈ কৰ’না বিৰোধী যুঁজত নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি অহৰহ সেৱা আগবঢ়াই অহা স্বাস্থ্যকর্মী সকলৰ মাজত চাবোন, হেণ্ড ছেনিটাইজাৰ আদি বিভিন্ন ধৰণৰ সামগ্ৰী বিতৰণ কৰে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত এই সামগ্ৰী সমূহ অৰ্পণ কৰে। এলাইট ভেঞ্চাৰৰ প্ৰবীণ দাগা আৰু পুনিত গাৰ্গে এই সন্দৰ্ভত সাংবাদিকৰ সন্মুখত কয় ” কৰ’না বিৰোধী যোদ্ধা সকলক উৎসাহিত কৰাৰ বাবে আমি বিভিন্ন সময়ত সামগ্ৰী বিতৰণ কৰি আহিছোঁ। স্বাস্থ্য কৰ্মীৰ লগতে আৰক্ষী প্ৰশাসন, উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী আৰু পৰিবহণ বিভাগৰ সৈতে জড়িত লোকসকলৰ মাজত এই সামগ্ৰী সমূহ বিতৰণ কৰা হয়। এন এইছ এমৰ কাৰ্যালয়ত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি সামগ্ৰী সমূহ অৰ্পণ কৰাৰ লগতে গুৱাহাটী আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা, পৰিবহন নিগমৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী, ডি চি পি (যান বাহন শাখা) মায়ং কুমাৰৰ হাতত সামগ্ৰী সমূহ অৰ্পণ কৰে।
