গুৱাহাটী, শিলচৰৰ ৰেড লাইট অঞ্চলত কৰ’না আক্রান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে। সেই পৰিপ্ৰেক্ষিতত শিলচৰৰ ৰেড লাইট অঞ্চল বন্ধ কৰি দিয়াৰ বাবে আহ্বান জনোৱা হৈছে। অন্যথা এই অঞ্চলৰ পৰাই কৰ’না সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিব বুলি শংকা প্ৰকাশ কৰা হৈছে।
ৰেড লাইট অঞ্চলত কৰ’না আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি হাৰভাদ মেডিকেল স্কুল আৰু দা য়ালে স্কুল অৱ মেডিচিনৰ বিশেসজ্ঞ সকলে শংকা প্ৰকাশ কৰিছে।
য়ালে বিশ্ববিদ্যালয়ৰ কো-অ থৰ,বিশেষজ্ঞ,
ডাঃ অভিশেষ পাণ্ডে তেওঁৰ এই সম্পৰ্কীয় শেহতীয়া প্ৰকল্পৰ অধ্যয়নৰ জৰিয়তে কয় “ৰেড লাইট থকা অঞ্চলত কৰ’না সংক্ৰমণ ভয়াবহ ভাৱে বৃদ্ধি পাইছে। এই অঞ্চল সমূহৰ পৰা অতি সহজতে কৰ’না সংক্ৰমণ বাঢ়ি যায়। ইয়াৰ জৰিয়তে যৌন কর্মী সকলৰ লগতে তেওঁলোকৰ গ্ৰাহক সকলো সহজতে কৰ’না আক্রান্ত হৈ পৰা অধ্যয়নৰ জৰিয়তে পোহৰলৈ আহিছে। শিলচৰৰ ৰাধামাধৱ ৰোডৰ ৰেডলাইট অঞ্চলটোত প্ৰথমটো লকডাউনৰ সময়ত চলোৱা এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে। “
এই সম্পৰ্কে হাৰভাদ মেডিকেল স্কুলৰ বিশেষজ্ঞ
ডাঃ সুধাকৰ নুটিয়ে কয় “ৰাধামাধৱ ৰোডৰ ৰেডলাইট
অঞ্চলটো ক’ভিড-১৯ৰ ভেকচিন নোলোৱা আৰু তেওঁলোকৰ মাজত এই ভেকচিন নিদিয়া পৰ্যন্ত বন্ধ ৰাখিব লাগে।” আনহাতে এই সম্পৰ্কে বিশিষ্ট চিকিৎসক তথা দুৰ্বাৰ মহিলা সমন্বয় কমিটিৰ মুখ্য উপদেষ্টা সমৰজিত জানাই কয়” লকডাউন খোলাৰ পাছত যৌনকর্মী সকলৰ বাবে ৰেডলাইট অঞ্চল সমূহ পুনৰ মুকলি কৰি দিলে পৰিস্থিতি অতি ভয়াবহ হ’ব।”