কয়লা খহি মৃত্যু অবৈধখনিত কাম কৰি থকা ৬জন লোকৰ

87

বৃহস্পতিবাৰে নিশা মেঘালয়ত এক কৰুণ ঘটনা সংঘটিত হয়। ইষ্ট জয়ন্তিয়া হিলছ জিলাৰ ৰিম্বাইত সংঘটিত হয় এই দুৰ্ঘটনাটো। বৃহস্পতিবাৰে এই দুৰ্ঘটনাটো সংঘটিত হয় যদিও শুকুৰবাৰে পুৱা লোককেইজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

লোককেইজনে অবৈধ কয়লা খনিত কাম কৰি থকা অৱস্থাতে খহি পৰে কয়লা। ফলত ৬জন লোকে প্ৰাণ হেৰুৱায়। পুৱা মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হয়।