ডিজিটেল ডেস্কঃ কাৰাবন্দী কয়দীক মুকলি কৰি দিয়াৰ নামত উৎকোচ দাবী কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফকিৰগঞ্জ থানাৰ সহকাৰী উপ-পৰিদৰ্শকক।
অভিযোগ অনুসৰি, এএছআই সঞ্জীৱ মজুমদাৰে এজন কয়দীক মুকলি কৰি দিয়াৰ বাবদ ধন দাবী কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছতে আৰক্ষী বিষয়াগৰাকীক কৰা হয় নিলম্বন।
মুকলি কৰি দিয়াৰ বিনিময়ত উৎকোচ বিচৰা কয়দীজনক ড্ৰাগছ ব্যৱসায়ৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।
মজুমদাৰে উৎকোচ বিচাৰি কেমেৰাত হাতে-লোটে ধৰা পৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল শেহতীয়াকৈ।
এই কাণ্ডৰ পিছতে আদেশ অনুসৰি কলংকিত আৰক্ষী বিষয়াজনক নিলম্বন কৰা হয়।