ক্ৰীড়া ভাৰতী গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস পালন

95

ষ্টাফৰিপৰ্টাৰ, ২১ জুন : ক্ৰীড়া ভাৰতী গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত আৰু নৃপেন্দ্ৰ নাৰায়ণ সিংহ ক্ৰীড়া কেন্দ্ৰৰ সহযোগত আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। মহানগৰী ভিআইপি ৰোডৰ ছচল ধৰ্ণাস্থলীত অনুষ্ঠিত এই যোগ দিৱসত ক্ৰীড়া ভাৰতী অসম প্ৰান্তৰ কোষাধ্যক্ষ দীপাংকৰ বৰুৱাই প্ৰশিক্ষক হিচাপে উপস্থিত থাকি ভাষণত কয় “শাৰীৰিক আৰু মানসিক ভাৱে আমি সুস্থ সবল হৈ থাকিবলৈ হ’লে যোগ অত্যন্ত জৰুৰী। সেয়েহে আমি সকলোৱে দৈনিক যোগাভ্যাস কৰিব লাগে”। অনুষ্ঠানত ক্ৰীড়া ভাৰতী গুৱাহাটী মহানগৰ সমিতিৰ সহকাৰী সম্পাদক চিৰঞ্জীৱ শর্মা আৰু কৰ্মকর্তা সকলৰ লগতে প্ৰায় ২০ গৰাকী স্থানীয় নাগৰিকে অংশগ্ৰহণ কৰি বিভিন্ন ধৰণৰ যোগাভ্যাস কৰে।