ক্ৰীড়া জগতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসম জীয়ৰীয়ে

164

ধনশিৰি মহকুমাৰ অন্যান্য প্ৰতিভাৰ লগতে ক্ৰিয়া জগতটো বিভিন্ন শিতানত খিতাপ অৰ্জন কৰি মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
ধনশিৰি মহকুমাৰ বৰপথাৰৰ বৰপাভজান গাওঁৰ ৰিয়া মণি বঢ়োৱে অসম যুৱ অলিম্পিকত ভাৰ উত্তোলনৰ ৪৫ কেজি শাখাত ব্ৰঞ্জ পদক লৈ গৌৰৱ কঢ়িয়াই আনে ৷ ৰিয়া এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ দশম শ্ৰেণীৰ ছাত্ৰী ৷ ৰিয়াৰ মাক দেউতাকে দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দিয়াৰ লগতে ৰিয়াৰ ক্ৰিয়া জগততো আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে ৷ ৰিয়া ভাৰ উত্তোলনৰ উপৰিও সংগীততো ৰাপ আছে ৷