ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ ১২০ গৰাকী কাৰিকৰী কল-কুশলীলৈ খাদ্য সামগ্ৰী বিতৰণ
ষ্টাফৰিপোৰ্টাৰ, ৬ এপ্ৰিল:- সমগ্ৰ বিশ্বৰ লগতে অসমতো কোৰোণাৰ ভয়াবহতাত জনজীৱন স্তব্ধ হৈ পৰিছে । সমগ্ৰ ভাৰতবৰ্ষ লকডাউন হোৱাৰ পিছত কিছু লোকৰ ক্ষেত্ৰত খাদ্য সংকটে দেখা দিয়া এক আশংকা আহিছে । এনে সময়তে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই গুৱাহাটীত থকা ১২০ গৰাকী চলচ্চিত্ৰ জগতৰ লগত জড়িত কলা-কুশলীলৈ এটা সপ্তাহৰ খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে এটাকৈ ছেনিটাইজাৰ বিতৰণ কৰে। এই অনুষ্ঠানত সামাজিক দুৰত্ব বজাই ৰাখি বিশিষ্ট সমাজ সেৱক ফণীন্দ্ৰ নাথ শৰ্মা আৰু বিধায়ীকা আঙুৰলতা ডেকা উপস্থিত থাকে । কলা-কুশলী সকলৰ হৈ অভিনেত্ৰী অমৃতা গগৈ, কৰিঅ’গ্ৰাফাৰ উদয় শংকৰ উপস্থিত থকে। ৰাষ্ট্ৰৰ বিপদৰ সময়ত লক্ষ্য কোঁৱৰে লোৱা এনে পদক্ষেপৰ বাবে বিশিষ্ট সমাজ সেৱী ফণীন্দ্ৰ নাথ শৰ্মাই অভিনন্দন জ্ঞাপন কৰে। ইফালে আনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ীকা ডেকাই সমাজৰ সামৰ্থবান লোক সকলক নূন্যতম সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাই । অভিনেত্ৰী অমৃতা গগৈয়েও কোঁৱৰৰ পদক্ষেপক প্ৰশংসা কৰি ৰাজ্যবাসীক চৰকাৰী নীতি নিদেৰ্শ এশ শতাংশই পালন কৰাৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্ৰীৰ নিদৰ্শত ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণৰ সদস্য সচিব লক্ষ্য কোঁৱৰে প্ৰতি দিনাই অভাৱগ্ৰস্থ ৰাইজৰ নূন্যতম প্ৰয়োজনীয় খিনিৰ পুৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ লগতে ১৪ এপ্ৰিল পৰ্যন্ত সম্পূৰ্ণ ৰূপে লকডাউন পালন কৰিবলৈ আহ্বান জনায়।