আইপিএলৰ উদ্বোধনীৰ খেলৰ সময়তে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা চেন্নাই ছুপাৰ কিংগছৰ অধিনয়াক মহেন্দ্ৰ সিং ধোনীৰ চৰণ চুই সেৱা জনালে কিংবদন্তি কণ্ঠশিল্পী অৰজিত সিঙে।
উল্লেখ্য যে, শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ভাৰতৰ সৰ্ববৃহৎ ক্ৰীড়া যুদ্ধ আইপিএল ২০২৩।
আহমেদাবাদত আইপিএলৰ প্ৰথমখন খেল অনুষ্ঠিত হোৱাৰ পূৰ্বে অনুষ্ঠিত হয় এক উদ্বোধনী সভা।
এই উদ্বোধনী সভাতে সংগীত পৰিৱেশন কৰে বৰ্তমানৰ আটাইতকৈ জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিঙে।
অনুষ্ঠানৰ অন্তত যেতিয়া গুজৰাট টাইটান আৰু চেন্নাই ছুপাৰ কিংগছৰ খেলুৱৈ সকলে কলা-কুশলী সকলক সাক্ষাৎ কৰে সেই সময়তে অৰিজিত সিঙে ভৰি চুই আশীৰ্বাদ লয় মহেন্দ্ৰ সিং ধোনীৰ পৰা।
দুটা ভিন্ন ক্ষেত্ৰৰ দুগৰাকী কিংবন্তীৰ মাজৰ এই আৱেগিক মুহূৰ্তৰ ছবিখনে এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমতো।
