ক্ৰিকেটপ্ৰেমীৰ বাবে ভাল খবৰ

10

চেম্পিয়নছ ট্ৰফীৰ বাবে আজি ঘোষণা কৰা হ’ব ভাৰতীয় দল। এই প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলত কোনকেইগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিব, সেই বিষয়ে জানিবলৈ অত্যন্ত উৎকণ্ঠিত অনুৰাগী্সকল। বিশেষকৈ ভাৰতীয় দলৰ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহৰ অন্তৰ্ভুক্তিক লৈ বিগত সময়ছোৱাত যথেষ্ট জল্পনা-কল্পনা হোৱা দেখিবলৈ পোৱা গৈছে।
নিয়ম অনুসৰি এই প্ৰতিযোগিতাৰ বাবে মাত্ৰ ১৫ জন খেলুৱৈকহে নিৰ্বাচন কৰিব পাৰিব, আনহাতে প্ৰয়োজন সাপেক্ষে কেইগৰাকীমান খেলুৱৈক ৰিজাৰ্ভ হিচাপে দলত অন্তৰ্ভুক্ত কৰিব পাৰিব।অষ্ট্ৰেলিয়া ভ্ৰমণত অন্তিমখন টেষ্টৰ সময়ত বুমৰাহে পিঠিৰ সমস্যাত ভুগি থকা পৰিলক্ষিত হৈছিল। সেয়ে মেচখনৰ মাজতে চিকিৎসালয়ত উপস্থিত হৈছিল বুমৰাহ। ইয়াৰ পিছতে তেওঁৰ আঘাত সন্দৰ্ভত যথেষ্ট চৰ্চা হৈছিল। এই আঘাতৰ বাবে বুমৰাহে চেম্পিয়নছ ট্ৰফীত অংশ ল’ব নোৱাৰিব পাৰে বুলিও খবৰ প্ৰকাশ পাইছিল। এক প্ৰতিবেদনত চেম্পিয়নছ ট্ৰফীৰ প্ৰাৰম্ভিক মেচসমূহত বুমৰাহে খেলিব নোৱাৰিব বুলি দাবী কৰা হৈছিল। লগতে বুমৰাহে দুমাহৰ বাবে সম্পূৰ্ণ বেড ৰেষ্টত থাকিব লাগিব বুলিও এই প্ৰতিবেদনত উল্লেখ কৰা হৈছিল। কিন্তু শেহতীয়াকৈ প্ৰকাশিত প্ৰতিবেদনে নিশ্চিতভাৱে এই ক্ষেত্ৰত অনুৰাগীসকলক কিছু সকাহ প্ৰদান কৰিছে।বুমৰাহৰ ফিটনেছ পৰীক্ষাৰ উদ্দেশ্যে ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক ৩খন মেচৰ এদিনীয়া শৃংখলাতো তেওঁক অন্তৰ্ভুক্ত কৰা হ’ব বুলি এই প্ৰতিবেদনে দাবী কৰিছে।