ক্ৰমাৎ সুস্থ হৈ উঠিছে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ। ‘তেওঁৰ স্বাস্থ্য মঙলবাৰতকৈ আজি বহু উন্নত হৈছে। এচাম লোকে ভুৱা বাতৰি উলিয়াইছে।’- অখিল গগৈৰ ভাতৃয়ে এই কথা জনালে।
যোৰহাট মেডিকেল কলেজত আই চি ইউত ভৰ্তি হৈ আছে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ। মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল প্ৰিয়দা গগৈ।
মঙলবাৰে প্ৰিয়দা গগৈৰ মূৰ ঘূৰণী, বমি আৰু জ্বৰ হোৱাত লগে লগে তেওঁক যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল।