ক্ষেত্ৰীত ৰেলৰ খুন্দাত দুটাকৈ বন্যহস্তীৰ কৰুণ মৃত্যু

104

কামৰূপ জিলাৰ ক্ষেত্ৰীত মঙ্গলবাৰে নিশা ৰেলৰ খুন্দাত দুটাকৈ বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনাই অঞ্চলটোত শোকৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহাৰ সময়তে তীব্ৰবেগী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত বন্যহস্তী দুটাই কৰুণ মৃত্যুক সাৱটি লয়। ক্ষেত্ৰীৰ বৰহু ৰেল ষ্টেচনৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

ইফালে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ আৰক্ষীৰ সহায়ত মৃত হাতীদুটাৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। তাৰ পিছত এক সুৰক্ষিত স্থানত দুয়োটা হাতী সমাধিস্থ কৰা হব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।