ক্ষুদ্ৰ মাছ ব্যৱসায়ীৰ ঘৰত চিআইডিৰ অভিযান, ওলাল কোটি কোটি টকা

95

পশ্চিমবংগৰ মালদাৰ গাজোলেৰ ঘটশোল অঞ্চলৰ ৩৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত জয়প্ৰকাশ সাহা নামৰ এজন মাছ ব্যৱসায়ীৰ ঘৰত দেওবাৰে অভিযান চলায় চিআইডিয়ে।

চুবুৰীয়াৰ মতে আৰ্থিকভাৱে অতি দুখীয়া ব্যক্তিজনৰ ঘৰত তালাচী চলাই চিআইডিয়ে কোটি কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

তদন্তকাৰীয়ে পুৱা ১০ বজাৰ পৰা উদ্ধাৰ হোৱা ১০০, ২০০ আৰু ৫০০ টকীয়া নোট গণনা কৰি আছে। গোটেই অভিযানৰ সময়ছোৱাত বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হয়। বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হয়। ঘৰৰ বাহিৰত ৰৈ আছিল কৌতুহলী মানুহৰ ভিৰ।

ওচৰ-চুবুৰীয়াৰ মতে এই টকা ক’ৰ পৰা আহিল, ব্যৱসায়ীজনৰ অৱস্থা কেতিয়াও ভাল নাছিল। তেওঁ মাত্ৰ এজন সৰু মাছৰ ব্যৱসায়ী আছিল। চি আই ডিয়ে ধনৰ উৎসৰ তদন্ত কৰক বুলি স্থানীয় ৰাইজে জনায়।

ডেৰ বছৰ পূৰ্বে উজনি দিনাজপুৰৰ পৰা ড্ৰাগছৰ গোচৰত ব্যৱসায়ীজনৰ আত্মীয়ক গ্ৰেপ্তাৰ কৰাৰ ভিত্তিত এই অভিযানৰ তথ্য লাভ কৰাটো সম্ভৱ। সাধাৰণ মানুহৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে। কোনো ৰাজনৈতিক লিংক আছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই।