কোৰোনা আক্ৰান্ত হৈ মৃত্যু বিধায়ক প্ৰদীপ মহাৰথীৰ

68

ডিজিটেল ডেস্কঃ বিজু জনতা দলৰ বিধায়ক প্ৰদীপ মহাৰথীৰ কোৰোনা আক্ৰান্ত হৈ দেওবাৰে মৃত্যু ঘটে। পুৰী জিলাৰ পিপলী বিধানসভা সমষ্টিৰ পৰা ৭ বাৰকৈ নিৰ্বাচিত হোৱা মহাৰথী ১৪ ছেপ্তেম্বৰত কোৰোনাত আক্ৰান্ত হৈছিল। তাৰ পিছতে তেওঁক ভুৱনেশ্বৰৰ এখন ব্যক্তিগত হাস্পতালত তেওঁক ভৰ্তি কৰা হয় যদিও দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে।