ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা ঘটনা আৰু সংক্ৰমণৰ দ্বিতীয় পৰ্যায়ৰ মাজতে পঞ্জাৱ চৰকাৰে ৰাজ্যত ১৫ দিনৰ বাবে নিশাৰ কাৰ্ফিউ জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পাঞ্জাৱৰ প্ৰতিখন চহৰত ১৫ ডিচেম্বৰ পৰ্যন্ত নিশা এই কাৰ্ফিউ জাৰি কৰা হৈছে।
এই কাৰ্ফিউৰ সময়সীমা নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ। ইয়াৰ উপৰিও এই সময়ছোৱাত মাস্ক নিপিন্ধা সকলৰো জৰিমনা দুগুনলৈ বৃদ্ধি কৰা হৈছে। কোৰোনা সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে জনসাধাৰণে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব মানি চলাৰ লগতে ইয়াৰ গুৰুত্ব উপলব্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰিছে এই ব্যৱস্থা।
