কোৰোনাৰ দ্বিতীয় লহৰ; সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ চৰকাৰৰ

63

কোৰোনাৰ দ্বিতীয় লহৰত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিহাৰত কঠোৰ হৈছে প্ৰশাসন। ৰাজ্যখনত ১৮ এপ্ৰিললৈকে সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে। শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকৰ পিছত বিহাৰ ৰাজ্য চৰকাৰে কোভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে সান্ধ্য আইন জাৰি কৰিছে। যাৰ পিছত ৰাজ্যখনত সন্ধিয়া ৭ বজাৰ পিছত ব্যৱসায়িক প্ৰতিষ্ঠান আদি খোলাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কোভিডৰ বিৰুদ্ধে যুঁজৰ বাবে অহা ৮-১০ দিনৰ ভিতৰত এক সৰ্বদলীয় বৈঠক আহ্বান কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই বৈঠকত সকলো দলৰ নেতাৰ পৰা এই সন্দৰ্ভত মতামত বিচৰা হ’ব।

চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি হোটেল-ৰেষ্টোঁৰা আৰু ধাবাত মাত্ৰ ২৫ শতাংশ লোকে একেসময়তে বহি খাব পাৰিব । ৫০ শতাংশ দৰ্শকে চিনেমা হলত সোমাই একে সময়তে চাব পাৰিব । ব্যক্তিগত কাৰ্যালয়সমুহ ৩৩ শতাংশ কৰ্মচাৰীৰ সৈতে খুলিবলৈ অনুমতি প্ৰদান কৰা হৈছে। এই নিয়মবোৰ ঔদ্যোগিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰতহে মাথোঁ প্ৰযোজ্য নহ’ব। অন্ত্যেষ্টিক্ৰিয়াত ৫০ জন লোকক আৰু ২০০ জন লোকক বিবাহৰ অনুষ্ঠানত একেলগে গোট খোৱাৰ অনুমতি দিছে ।

সকলো ধৰ্মীয় স্থান ৩০ এপ্ৰিললৈকে সীমাবদ্ধ হৈ থাকিব। উপ সচিব আৰু শীৰ্ষ বিষয়াসকল চৰকাৰী কাৰ্যালয়লৈ নিতৌ আহিব আৰু বাকী কৰ্মচাৰীসকল ৩৩ শতাংশত বৈকল্পিক দিনত কাৰ্যালয়লৈ আহিব লাগিব।