কোৰোনাৰ দ্বিতীয় লহৰঃ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে

76

দেশত পুনৰ ভয়াবহ হৈ পৰিছে কোৰোনাৰ সংক্ৰমণ। বিশ্বৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত হৈছে ভাৰতত। কোৰোনাৰ নতুন সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে কেইবাখনো ৰাজ্যই নৈশ্য সান্ধ্য আইন জাৰি কৰিছে। পুনৰ এবাৰ শৈক্ষিক প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান আদি বন্ধ কৰি দিয়া হৈছে। আনহাতে এক খবৰ অনুসৰি, কোৰোনাৰ দ্বিতীয় সংক্ৰমণে প্ৰভাৱ পেলাইছে উচ্চতম ন্যায়ালয়তো। দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰ দেহতে কোভিড সংক্ৰমণ ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত এতিয়া ঘৰৰ পৰাই কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ন্যায়াধীশসকলে। উচ্চতম ন্যায়ালয়ত হবলগীয়া সকলো শুনানি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে ন্যায়াধীশে। প্ৰণিধানযোগ্য যে, ভাৰতত বিগত এটা সপ্তাহতে ১০ লাখৰো অধিক লোক এই ভাইৰাছৰ কবলত পৰিছে।