কোৰোনাত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আহমদ পেটেলে…

51

ডিজিটেল ডেস্ক:- কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আহমেদ পাটেলৰ বিয়োগ ঘটিছে। ৭১ বছৰ বয়সত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ বিয়োগ। ক’ৰোনাত আক্ৰান্ত হৈ দীৰ্ঘ সময় দিল্লীত চিকিৎসাধীন হৈ আছিল কংগ্ৰেছবনেতাগৰাকী৷

কংগ্ৰেছৰ বহু সফলতাত আহমেদ পেটেলৰ যোগদান আছিল৷ ছোনীয়া গান্ধীৰ অতি ঘনিষ্ঠ আছিল আহমেদ পেটেল৷ ২০০৪, ২০০৯ চনত লোকসভা নিৰ্বাচনত দলৰ জয়ত বৃহৎ ভূমিকা আছিল৷ তিনিবাৰ লোকসভাত, ৫ বাৰ ৰাজ্যসভাত নিৰ্বাচিত হৈছে৷ গুজৰাটৰ পৰা ১৯৭৭ চনৰ পৰা সাংসদ হৈ আহিছে৷