কোৰোনাত আক্ৰান্ত হৈ দিল্লীত অসমীয়া যুৱকৰ মৃত্যু

89

পুনৰ কালৰূপী কোৰোনাই কঢ়িয়াইছে অন্য এক শোকৰ খবৰ। দিল্লীৰ সমীপৱৰ্তী গুৰগ্ৰামত কোভিড আক্ৰান্ত হৈ বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে এগৰাকী অসমীয়া যুৱকে।

জানিব পৰা মতে, গুৰুগ্ৰামত ৩০ বৰ্ষীয় অংশুমান ভূঞা কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছতে স্থানীয় এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। এই হাস্পতালতে আজি পুৱা মৃত্যু ঘটে অসমীয়া যুৱকজনৰ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে অংশুমানৰ পিতৃ মৃদুল ভূঞাৰো কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছিল। তাৰ পিছত এইবাৰ পুত্ৰ অংশুমানৰ বিয়োগত শোকৰ বন্যা নামিছে পৰিয়ালটোলৈ।