কোৰোনাত আক্ৰান্ত লালু প্ৰসাদ যাদৱৰ নিৰাপত্তাত নিয়োজিত ৯ জোৱান

92

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষ তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱৰ নিৰাপত্তাত নিয়োজিত ৯ জনকৈ জোৱান কোৰোনাত আক্ৰান্ত হৈছে। কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাঁচীৰ ৰিমছৰ ১ কেলী ডাইৰেক্টৰ বাংলোত ৰখা লালু প্ৰসাদ যাদৱৰ বাবে নিৰাপত্তাত নিয়োজিত আছিল এই জোৱান কেইগৰাকী। কোভিড আক্ৰান্ত জোৱান কেইগৰাকীয়ে বাংলোৰ বাহিৰত কৰ্তব্যপালন কৰিছিল বুলি
শুকুৰবাৰে ৰিমছৰ অধ্যক্ষ বিবেক কাশ্যপে জোৱান কেইজন কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিয়ে।

ৰিমছৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়া মতে, কোৰোনা আক্ৰান্ত জোৱান কেইগৰাকীক কৰ্তব্যৰ পৰা তাত্ক্ষণিকভাৱে অব্যাহতি দি বৰ্তমান চিকিত্সাৰ বাবে প্ৰেৰণ কৰা হৈছে। আনহাতে লালু প্ৰসাদ যাদৱো যাতে কোভিডত আক্ৰান্ত নহয়, তাৰ বাবে সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা বুলিও জানিবলৈ দিয়ে অধ্যক্ষ বিবেক কাশ্যপে।

উল্লেখ্য যে, পশুখাদ্য কেলেংকাৰীত দোষী সাব্যস্ত হোৱা লালু প্ৰসাদ যাদৱক স্বাস্থ্যজনিত কাৰণত কাৰাগাৰৰ পৰা ৰাঁচী হাস্পতালত ৰখা হৈছিল। কিন্তু কোৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আৰজেডিৰ অধ্যক্ষজনক ৰিমছৰ ১ কেলী ডাইৰেক্টৰ বাংলোত বিশেষ নিৰাপত্তাৰ মাজত ৰখা হয়।