দেশত পুনৰ ভয়াবহ হৈ পৰিছে কোভিড পৰিস্থিতি। তাৰ মাজতে কোৰোনাত আক্ৰান্ত হৈছে ইজনৰ পিছত সিজন বিশিষ্ট ব্যক্তি। মঙলবাৰে ভাৰতৰ নাইটিংগল খ্যাত কুকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱাৰ পিছতে বুধবাৰে এইবাৰ কোৰোনাত আক্ৰান্ত হ’ল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী।
৬৪ বৰ্ষীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰাৰ পিছতে তেওঁ বৰ্তমান স্বগৃহত কোৱাৰেণ্টাইন হৈ আছে। খবৰ অনুসৰি, কোভিডৰ সামান্য লক্ষণ ধৰা পৰাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ কোভিড টেষ্ট কৰা হৈছিল।
ইফালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কোভিড পজিটিভ ধৰা পৰাৰ পিছতে তেওঁৰ সংস্পৰ্শলৈ অহা আন আন লোকসকলকো কোভিড পৰীক্ষা কৰাবলৈ আহ্বান জনাইছে।