কোৰোনাত আক্রান্ত বিজেপি সাংসদ গৌতম গম্ভীৰ

116

কোৰোনাত আক্ৰান্ত হৈছে প্ৰাক্তন ক্ৰিকেটাৰ তথা বিজেপি সাংসদ গৌতম গম্ভীৰ। মঙ্গলবাৰে গৌতম গম্ভীৰ টুইট কৰি এই বিষয়ে জানিবলৈ দিয়ে।

প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা আন আন লোকসকলকো কোভিড টেষ্ট কৰাবলৈ আহ্বান জনায়।

গৌতম গম্ভীৰে জানিবলৈ দিয়া মতে, কোভিডৰ সাধাৰণ লক্ষণ ধৰা পৰাৰ পিছতে তেওঁ কোভিড টেষ্ট কৰোৱায় আৰু ৰিজাল্ট পজিটিভ আহে। কোভিড পৰা সকলোকে সুৰক্ষিত থাকিবলৈ আহ্বান জনায় গম্ভীৰে।