কোৰোনাই প্ৰাণ কাঢ়িলে ৰাজ্যৰ প্ৰথমগৰাকী বিধায়কৰ…

94

কোৰোনাই প্ৰাণ কাঢ়িলে ৰাজ্যৰ প্ৰথমগৰাকী বিধায়কৰ। কোকৰাঝাৰ জিলাৰ ২৮নং গোসাইগাঁও বিধানসভা সমষ্টিৰ বিপিএফ বিধায়ক মাজেন্দ্ৰ বসুমতাৰীৰ আজি পুৱা ৫.৫০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে।

জানিব পৰা মতে, কোৰোনাত আক্ৰান্ত হোৱাৰ পিছতে হাস্পতালত চিকিৎসাধীন হোৱা বিধায়ক মাজেন্দ্ৰ বসুমতাৰী শেহতীয়াকৈ কোৰোনাৰ পৰা সুস্থ হৈ উঠিছিল যদিও মঙলবাৰে হঠাৎ তেওঁ ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হয়। তাৰ পিছতে তেওঁৰ স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি ঘটে আৰু আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে।

চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা মাজেন্দ্ৰ বসুমতাৰীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ সতীৰ্থসকলে। আজি তেওঁ কোভিড পৰিস্থিতিৰ মাজতে তেওঁৰ বাসগৃহত শতাধিক গুণমুগ্ধ উপস্থিত হৈ বিধায়ক মাজেন্দ্ৰ বসুমতাৰীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।