কোলাৰ দুবছৰীয়া সন্তানক এৰি ক’ভিড যুদ্ধত দিনে-ৰাতিয়ে ব্যস্ত নাজিৰাৰ মহিলা মহকুমাধিপতি লখিমী দত্ত

92

নাজিৰাৰ মহকুমাধিপতি লখিমী দত্তই দেখুৱাইছে কৰ্তব্যবোধৰ নিদৰ্শন। নিজৰ দুবছৰীয়া কনমাণি সন্তানক এৰি দিন-ৰাতি একাকাৰ কৰি কৰি গৈছে নিজ কৰ্তব্য৷

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা৷ সংক্ৰমণ যিমানেই বাঢ়িছে সিমানেই দায়িত্ব আৰু ব্যস্ততা বাঢ়িছে চিকিৎসক, স্বাস্থ্যকৰ্মী, আৰক্ষী-প্ৰশাসনৰ। সমগ্ৰ বিশ্বতে ছানি ধৰা এই মহা আপদ কালৰ পৰা মানৱ জাতিক উদ্ধাৰৰ বাবে কোনোৱেই যেন পিছ পৰি ৰোৱা নাই। সকলোৱেই ব্যক্তি স্বাৰ্থৰ উৰ্ধত গৈ পালন কৰিছে নিজ নিজ দায়িত্ব। নিজৰ জীৱন তথা পৰিয়ালক তুচ্ছ জ্ঞান কৰি ফ্ৰণ্টলাইন কৰ্মীৰ লগতে জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত দিনে নিশাই ব্যস্ত হৈছে প্ৰশাসনিক বিষয়া-কৰ্মচাৰী সকলো ৷ তাৰ মাজতে আছে বহু মহিলা বিষয়াও৷

নাজিৰা মহকুমাৰ মহকুমাধিপতি লখিমী দত্তইও এই বিপদকালত দেখুৱাইছে কৰ্তব্যবোধৰ নিদৰ্শন। নিজৰ দুবছৰীয়া কনমাণি সন্তানক এৰি দিন-ৰাতি একাকাৰ কৰি কৰি গৈছে নিজ কৰ্তব্য৷ মহকুমাটোৰ চিকিৎসালয়ৰ পৰা আৰম্ভ কৰি কণ্টেইনমেণ্ট জ’নৰ ৰোগী আৰু নগৰ চহৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠানলৈকে সকলো তদাৰক কৰিছে মহকুমাধিপতি গৰাকীয়ে৷

নিজৰ কনমাণি সন্তানক ঘৰত এৰি জনসাধাৰণৰ সেৱা আৰু সুৰক্ষাৰ স্বাৰ্থত নিয়োজিত হৈ নিজ কৰ্তব্য সুচাৰুৰূপে পৰিচালনা কৰি থকা এই মহিলা বিষয়াগৰাকীৰ শলাগ লৈছে নাজিৰাবাসীয়ে৷