কোৰোনাত আক্ৰান্ত হৈছে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং। সোমবাৰে স্বাস্থ্য পৰীক্ষাত তেওঁৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰাৰ পিছতে বিশেষ পৰ্যবেক্ষণত ৰখা হৈছে। উল্লেখ্য যে, ৮৮ বৰ্ষীয় ড০ সিঙে দুটাকৈ কোভিড টিকাকৰণ গ্ৰহণ কৰিছিল। বৰ্তমান তেওঁৰ স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ দিছে চিকিৎসকে। আনহাতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে তেওঁৰ গুণমুগ্ধ তথা জ্যেষ্ঠ নেতাসকলে।