বৃহস্পতিবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে।
বৰ্তমান মন্ত্ৰীগৰাকী মৃদু লক্ষণৰ সৈতে হোম কোৱাৰেণ্টাইনত আছে বুলি জানিব পৰা গৈছে।
চিকিৎসকৰ এটা দলে তেওঁক পৰীক্ষা কৰি জিৰণি ল’বলৈ পৰামৰ্শ দিয়ে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে জানিবলৈ দিয়ে।
বৃহস্পতিবাৰে দিল্লীত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় বায়ুসেনাৰ কমাণ্ডাৰ সন্মিলনত তেওঁ অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও ক’ভিড পজিটিভ পোৱাৰ পিছত তেওঁ সেই সন্মিলন এৰিবলগীয়া হৈছিল বুলিও জানিব পৰা গৈছে।
