কোভিড হটস্পটত পৰিণত হৈছে আলীগড় মুছলিম বিশ্ববিদ্যালয়, ১৮ দিনত ১৭গৰাকী অধ্যাপকৰ মৃত্যু

73

কোভিড হটস্পটত পৰিণত হৈছে আলীগড় মুছলিম বিশ্ববিদ্যালয়। বিগত ১৮ দিনৰ ভিতৰত বিশ্ববিদ্যালয়খনৰ ১৭ গৰাকীকৈ অধ্যাপকৰ কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটাৰ পিছতে এতিয়া আলীগড় বিশ্ববিদ্যালয়ৰ ভিতৰত সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ। তাৰোপৰি কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত অধ্যাপকৰো এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

যোৱা ২০ এপ্ৰিলত কোভিড আক্ৰান্ত হৈ প্ৰথম মৃত্যু ঘটিছিল বিশ্ববিদ্যালয়খনৰ অধ্যাপক জামছেদ আলী চিদ্দিকীৰ। তাৰ পিছতে এজন এজনকৈ এতিয়ালৈকে ১৭ গৰাকীকৈ অধ্যাপকে এই মহামাৰীত প্ৰাণ হেৰুৱাবলগীয়া হৈছে। অৰ্ধশতাধিক অধ্যাপক আৰু শিক্ষাৰ্থী কোভিড মহামাৰীৰ সৈতে যুঁজ দি আছে হাস্পতালৰ বিচনাত।

আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে, কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে বিশ্ববিদ্যালয়খনৰ অধ্যাপক ছাদাব আহমেদ খান, ৰফিকুল জামান খান, ওমৰ ফাৰুক, জামছেদ চিদ্দিকী, এহাছুনুল্লাহ ফাহাদ, উৰ্দু বিভাগৰ অধ্যাপক মৌলানা বখছ আনছাৰী, মহম্মদ আলী খান, ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক মহম্মদ জমছেদ, মহম্মদ ইউনুছ চিদ্দিকী, গুফৰাম আহমেদ, ছাজিদ আলী খান, ড০ মহম্মদ ইৰফান, আজিজ ফইজল, মহম্মদ ছাইদ্দুজামান, খালিদ বিন ইউছুফ, মহম্মদ ইউছুফ আনছাৰীৰ।