কোভিড যুঁজৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙনি অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ

76

অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কোভিড যুঁজত সহায় হ’ব পৰাকৈ আজি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰে৷

আজি মুখ্যমন্ত্ৰীক আৱাসত সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫০ হাজাৰ টকা প্ৰদান কৰে অভিনেত্ৰীগৰাকীয়ে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনহিতকৰ বৰঙণিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে প্ৰস্তুতি পৰাশৰক৷