‘কোভিড ভেকচিন লওঁক আৰু বাহুবলী হৈ পৰক’

188

ডিজিটেল ডেস্কঃ ‘কোৰোনা ভেকচিন লওঁক আৰু ‘বাহুবলী’ হৈ পৰক।’ -এই মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। উল্লেখ্য যে, আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন। এই অধিৱেশনৰ প্ৰাকক্ষণত কোৰোনা ভেকচিন গ্ৰহণৰ বাবে বিশেষ জোৰ দি প্ৰধানমন্ত্ৰীয়ে কয় যে কোৰোনা ভেকচিন যিহেতু হাত বা বাহুত লোৱা হয়, সেইবাবে ভেকচিন ল’লে বাহুবলী হৈ পৰিব পাৰি। দেশৰ ৪০ কোটি জনতা ইতিমধ্যে বাহুবলী হৈ পৰিছে বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, দেশত অধিক সংখ্যক লোকক কোৰোনা ভেকচিন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কিন্তু কেৱল ভেকচিন ল’লেই নহব, কোভিড বিধি সমূহো মানি চলিব লাগিব। সমগ্ৰ বিশ্বত এতিয়া কোৰোনাৰ সংক্ৰমণ হ্ৰাস পাইছে, কিন্তু উদ্বেগ এতিয়াও হ্ৰাস পোৱা নাই। গতিকে সকলো সতৰ্ক হৈ কোৰোনাক পৰাভূত কৰিব লাগিব।

ইফালে সংসদৰ বৰ্ষাকালীন অধিৱেশনত গ্ৰহণযোগ্য বিষয়ৰ ওপৰত আলোচনাৰ বাবে বিৰোধীক আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে সদনত বিৰোধীয়ে তেওঁলোকৰ তীক্ষ্ণ আৰু বুদ্ধিদ্বীপ্ত প্ৰশ্নসমূহৰ উত্থাপন কৰক, চৰকাৰেও তাৰ উত্তৰ দিয়াৰ বাবে প্ৰযত্ন কৰিব। সমিলমিল আৰু শান্তিপূৰ্ণভাৱে সংসদৰ অধিৱেশন পাৰ কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।