কোভিড ভেকচিন গ্ৰহণ কৰিলে হয় অনিয়মীয়া মাহেকীয়া সমস্যা: মহিলাৰ দাবীক লৈ চাঞ্চল্য

162

ডিজিটেল ডেস্কঃ কোভিড টিকা ল’লে অনিয়মীয়া মাহেকীয়া সমস্যাত ভূগে মহিলাসকল। এই দাবী উত্থাপন কৰিছে কিছু সংখ্যক মহিলাই।

কোভিডৰ পৰা নিষ্ঠাৰ পাবলৈ বিশেষজ্ঞসকলে কোভিড ভেকচিনৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সময়তে একাংশ মহিলাৰ এনে অভিযোগে তাৎপৰ্য বহন কৰিছে।

একাংশ মহিলাই দাবী কৰা মতে তেওঁলোকে কোৰোনা ভেকচিন গ্ৰহণ কৰাৰ পিছত ঋতুস্ৰাৱৰ একাধিক সমস্যাত আক্ৰান্ত হৈছে। অৱশ্যে স্ত্ৰীৰোগ বিশেষজ্ঞ সকলে এই দাবী সম্পূৰ্ণ ভিত্তিহীন বুলি আখ্যা দিলেও বিষয়টোৰ অধিক গৱেষণাৰ প্ৰয়োজন বুলি মন্তব্য কৰে।

আনহাতে, শেহতীয়াকৈ, সৰ্বভাৰতীয় সংবাদ মাধ্যমে এই বিষয়টো সম্পৰ্কে দেশৰ ২৫ গৰাকী মহিলাৰ সৈতে কথা পাতিছিল। তেওঁলোকৰ প্ৰত্যেকৰে বয়স ২০ ৰ পৰা ৩০ বছৰৰ ভিতৰত। কোভিড টিকাকৰণ কৰাৰ পিছত তেওঁলোক অনিয়মীয়া ঋতুস্ৰাৱ বা আন কোনো সম্পৰ্কিত সমস্যাত ভুগি আছে নেকি? এই প্ৰশ্নৰ উত্তৰত, ১৫ গৰাকী মহিলাই ‘হয়’ বুলি উত্তৰ দিয়ে। তেওঁলোকৰ ৯ গৰাকীয়ে কয় যে তেওঁলোকে ক’ভিশ্বিল্ড লোৱাৰ পিছৰে পৰা ঋতুস্ৰাৱৰ সময়ত যথেষ্ট বিষ অনুভৱ কৰিছে। আন একাংশ কোভিড টীকা গ্ৰহণ কৰা মহিলাই দাবী কৰে যে তেওঁলোকৰ ঋতুস্ৰাৱত পলম হৈছে। তেওঁলোকে ঋতুস্ৰাৱৰ সময়ত কেইবাটাও সমস্যাত ভুগি আছে।

উল্লেখ্য যে, এখন ব্ৰিটিছ আলোচনীয়ে প্ৰকাশ কৰিছিল যে মহিলাসকলে কোভিড টিকাৰ পাৰ্শ্বক্ৰিয়া হিচাপে ঋতুস্ৰাৱৰ সমস্যাৰ সন্মুখীন হয়। অৱশ্যে, স্ত্ৰীৰোগ বিশেষজ্ঞসকলে দাবী কৰে যে টিকাকৰণ সকলোৰে বাবে সুৰক্ষিত।

এই সন্দৰ্ভত আইচিএমআৰৰ উপ-সঞ্চালক প্ৰভদীপ কৌৰে কয় যে তেওঁ এনে সমস্যাৰ বিষয়ে অৱগত নহয়। ঘটনাবোৰৰ সৈতে টিকাকৰণৰ কোনো সম্পৰ্ক আছে নেকি জানিবলৈ গৱেষণাৰ প্ৰয়োজন। যদিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুতো বিশ্ববিদ্যালয় আনকি বিশ্ববিদ্যালয়, হাৰ্ভাৰ্ড মেডিকেল স্কুলে জনাইছে যে কোভিড ভেকছিন আৰু ঋতুস্ৰাৱৰ সমস্যাৰ মাজত সম্পৰ্ক থাকিব পাৰে। বিষয়টো গৱেষণা সাপেক্ষ বুলি মন্তব্য কৰিছে বহু কেইগৰাকী বিশেষজ্ঞই।