কোভিড ভেকচিনৰ বাবে ৰাজ্যত দীঘলীয়া শাৰী, নাই সামাজিক দূৰত্ব

86

কোভিড সংক্ৰমণৰ ভয়াবহতাৰ লগে লগে সমগ্ৰ দেশত তীব্ৰ গতিত চলিছে কোভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী। অসমতো এতিয়া কোভিড ভেকচিন গ্ৰহণৰ বাবে সাধাৰণ জনতাই ভিৰ কৰা পৰিলক্ষিত হৈছে। মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কোভিড ভেকচিন প্ৰদান অভিযান আৰম্ভ কৰা হৈছে। উল্লেখ্য যে, ১ মে’ৰ পৰা ১৮ বছৰৰ উৰ্ধ্বৰ সকলোকে কোভিড ভেকচিন প্ৰদান কৰা হব।

ইফালে ৰাজ্যত ভেকচিন গ্ৰহণৰ বাবে শাৰী পতাৰ সময়ত সম্পূৰ্ণৰূপে কোভিড প্ৰট’কল উলংঘা কৰা দেখা গৈছে। বহুতে মুখত মাস্ক পৰিধান নকৰাৰ লগতে সামাজিক দূৰত্বও মানি নচলা দেখিবলৈ পোৱা গৈছে। এনে পৰিস্থিতিত কোভিড সংক্ৰমণ অধিক হাৰত বৃদ্ধি পোৱাৰ আশংকাহে এতিয়া বাঢ়িছে।