কোৰোনাৰ তৃতীয় সংক্ৰমণে এতিয়া টোকৰ দিছে ভাৰতৰ দুৱাৰমুখত। প্ৰতিদিনে লাখ লাখ লোক এই মহামাৰীৰ কবলত পৰিছে। বিগত ২৪ ঘণ্টাতেই দেশত পুনৰ ৪.১৪ লাখ লোক কোভিড ১৯ত আক্ৰান্ত হৈছে। প্ৰায় ৪০০০ জনৰ মৃত্যু ঘটিছে। হাস্পতালত বিচনাৰ অভাৱ, অক্সিজেনৰ অভাৱত ৰোগী আৰু আত্মীয়ৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। দেশৰ আজিৰ এনে কোভিড পৰিস্থিতিৰ বাবে ভাৰত চৰকাৰ যে দায়ী, তাত কাৰো দ্বিমত নিশ্চয় নাই। সময়োচিত ব্যৱস্থা চৰকাৰে গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিততে আজি বিশ্বৰ ভিতৰতে কোভিড আক্ৰান্তৰ দিশত ভাৰত শীৰ্ষত আছে।
চৰকাৰৰ ব্যৰ্থতা আৰু কোভিডৰ ক্ৰমাগত সংক্ৰমণ বৃদ্ধিৰ সময়ত বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সুব্ৰমণিয়াম স্বামীৰ এটা টুইটে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। ৫ মে’ত অৰ্থাৎ কালি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এটা টুইট কৰিছিল। য’ত তেওঁ কোভিড সংক্ৰমণ প্ৰতিৰোধী যুঁজখনৰ নেতৃত্ব নীতিন গাডকাৰীৰ হাতত অৰ্পণ কৰাৰ পোষকতা কৰিছিল। তেওঁ এই কথাও স্পষ্ট কৰিছে যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় কোভিড সংক্ৰমণ প্ৰতিৰোধত ব্যৰ্থ হৈছে।
সুব্ৰমণিয়াম স্বামীয়ে টুইটত লিখিছে যে ভাৰতে যিদৰে ইছলামিক আক্ৰমণ আৰু ব্ৰিটিছ সাম্ৰাজ্যবাদক প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিল, সেইদৰে কোৰোনাৰ সংক্ৰমণো প্ৰতিৰোধ কৰিব পাৰিব। কিন্তু কঠোৰ সতৰ্কতা পালন নকৰা পৰ্যন্ত কোৰোনাৰ নতুন টৌৱে শিশুসকলক লক্ষ্য কৰি লব। সেইবাবে প্ৰধানমন্ত্ৰী মোডীয়ে এই মহামাৰীৰ বিৰুদ্ধে কৰা যুঁজখনৰ দায়িত্ব গাডকাৰীক অৰ্পণ কৰা উচিত। বৰ্তমান প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ওপৰত নিৰ্ভৰ কৰা অৰ্থহীন।
আন এটা টুইটত স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে মুক্তভাৱে কাম কৰিব পৰা নাই বুলিও মন্তব্য কৰে সুব্ৰমণিয়াম স্বামীয়ে। কোভিডৰ এনে পৰিস্থিতিত বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কৰা এনে মন্তব্যই স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিয়নো প্ৰধানমন্ত্ৰী বা চৰকাৰৰ ব্যৰ্থতা এতিয়া কাৰোবাবে গোপন হৈ থকা নাই। উত্তৰ প্ৰদেশ, দিল্লীত অক্সিজেনৰ বৃহৎ অভাৱ ঘটিছে। হাস্পতালত ৰোগীক ৰাখিবলৈ বিচনাৰো অভাৱ দেখা পোৱা গৈছে। এনে পৰিস্থিতিত কোভিড বিৰোধী যুঁজৰ নেতৃত্ব গাডকাৰীৰ অৰ্পণৰ পোষকতা সুব্ৰমণিয়াম স্বামীয়ে কৰিছে। যিয়ে প্ৰত্যক্ষভাৱে নহ’লেও এই কথাই প্ৰমাণ কৰিছে যে প্ৰধানমন্ত্ৰী মোডীয়ে কোভিডৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপত দলৰ ভিতৰতো আপত্তি বাঢ়িছে।