কোভিড বিৰোধী যুঁজত ভাৰতলৈ ১১৩ কোটি টকাৰ অনুদান GOOGLEৰ

65

ভাৰতৰ কোভিড পৰিস্থিতিৰ সময়ত সহায়ৰ হাত আগবঢ়াইছে গুগলে। কোভিডৰ সৈতে যুঁজিবলৈ ভাৰতক ১১৩ কোটি টকা প্ৰদান কৰাৰ ঘোষণা কৰিছে গুগলে।

বাতৰি অনুসৰি, ভাৰতক গুগলে আগবঢ়োৱা অনুদানৰ ধনেৰে গ্ৰাম্য এলেকাত ৮০টা অক্সিজেনৰ প্লান্ট স্থাপন কৰা হব। ‘গিভ ইণ্ডিয়া’ আৰু ‘পাথ’ নামৰ দুটা এনজিঅ’ৰ জৰিয়তে গুগলে এই ধন ভাৰতৰ বাবে ব্যয় কৰিব বুলিও জানিব পৰা গৈছে।

গুগলৰ চিইঅ’ সুন্দৰ পিচাই এটা টুইটত লিখিছে, ভাৰতত যিসকল ক’ৰ’নাত আক্রান্ত তেওঁলোকৰ সৈতে আছে গুগল। Google.org ৰ তৰফৰপৰা ভাৰতত অক্সিজেন প্লেন্ট নিৰ্মাণ আৰু স্বাস্থ্য কর্মীসকলক প্রশিক্ষণ দিয়াৰ বাবে ১৫.৫ মিলিয়ন ডলাৰ অনুদান দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

উক্ত অনুদান সন্দৰ্ভত গিভ্‌ইণ্ডিয়া-ৰ স্বতাধিকাৰী অতুল সাতিজাই সংবাদমাধ্যমৰ আগত জনাইছে, দেশৰ গ্রামীণ এলেকাত ৮০টা অক্সিজেন প্লেন্ট বহোৱাৰ বাবে অনুদান দিছে Google.orgএ। পাথ-ৰ সৈতে যৌথ উদ্যোগত এই প্লেন্ট সমূহ বহাব গিভ্‌ইণ্ডিয়াই।