কোভিড পৰিস্থিতিৰ বাবে বাতিল নলবাৰীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ

81

নলবাৰী: কোভিড পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে নামনি অসমৰ ঐতিহ্যমণ্ডিত নলবাৰী ৰাস মহোৎসৱ। কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ মাত্ৰ এদিনীয়াকৈ অনুষ্টুপিয়াকৈ ৰাস সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছে নলবাৰী হৰি মন্দিৰৰ ৰাস পৰিচালনা সমিতিয়ে।

সমিতিখনৰ সভাপতি অশোক শৰ্মা আৰু সম্পাদক নগেন ডেকাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ১৯ নৱেম্বৰত ৰাসৰ মূল ৰীতি নীতি সম্পন্ন কৰা হব। উল্লেখ্য যে, নলবাৰীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসবে এইবাৰ ৮৭ বছৰ সম্পূৰ্ণ কৰিছে।