কোভিড পৰিস্থিতিৰ বাবে অম্বুবাচী মেলা বাতিল

72

ৰাজ্যৰ কোভিড পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে অম্বুবাচী মেলা। হিন্দু সমাজৰ পবিত্ৰ উৎসৱ অম্বুবাচী মেলা অহা ২২ জুনৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতিৰ বাবে এই উৎসৱ বাতিল কৰাৰ সিদ্ধান্ত লৈছে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে।

উল্লেখ্য যে, পবিত্ৰ অম্বুবাচী মেলালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ-বিদেশৰ বহু ভক্ত, সাধু, সন্যাসীৰ সমাগম ঘটে। উল্লেখ্য যে, কোভিড পৰিস্থিতিৰ বাবে অহা ৩০ জুনলৈ বন্ধ থাকিব মা কামাখ্যা ধামৰ দুৱাৰ।