কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ বিমান সেৱা বাতিল অষ্ট্ৰেলিয়াৰ

73

ভাৰতত ভয়াবহ হাৰত বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ বিমান সেয়া বাতিল কৰিছে অষ্ট্ৰেলিয়াৰ চৰকাৰে। ৰাষ্ট্রখনৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ১৫ মে’ পৰ্যন্ত ভাৰতৰ পৰা কোনো যাত্ৰীবাহী বিমান অষ্ট্ৰেলিয়াত অৱতৰণ কৰিব নোৱাৰিব।

উল্লেখ্য যে, বিশ্বৰ ভিতৰতে এতিয়া সৰ্বাধিক লোক কোৰোনাত আক্ৰান্ত হৈছে ভাৰতত। প্ৰতিদিনে লাখ লাখ লোক ভাৰতত কোভিড সংক্ৰমণৰ বলি হোৱাৰ লগতে প্ৰাণ হেৰুৱাইছে কেইবা সহস্ৰাধিক লোকে। এনে পৰিস্থিতিত ভাৰত চৰকাৰৰ ভূমিকাক লৈও এতিয়া আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰশ্ন উত্থাপন কৰিছে।