কোভিড প্ৰতিষেধক লোৱাৰ পিছতে কোৰোনাত আক্ৰান্ত হল হাৰিয়ানাৰ স্বাস্থ্যমন্ত্ৰী

64

ডিজিটেল ডেস্ক:- কোভিড-১৯ ভেকচিনৰ পৰীক্ষামূলক টীকাকৰণৰ পিছতে কোৰোনাত আক্ৰান্ত হল হাৰিয়ানাৰ স্বাস্থ্যমন্ত্ৰী অনিল বিজ। শনিবাৰে তেওঁৰ দেহত কোৰোনাৰ সংক্ৰমণ ধৰা পৰে।

উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টিৰ এই নেতাজনে কনভিক্স কোভিড ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষামূলক টীকা গ্ৰহণ কৰিছিল। হাৰিয়ানাত ২০ নবেম্বৰৰ পৰা এই ভেকচিনৰ পৰীক্ষামূলক টীকাকৰণ আৰম্ভ হৈছিল। ৰাজ্যখনৰ আমবালা কান্ট হাস্পতালত ইতিমধ্যে তেওঁক ভৰ্তি কৰোৱা হৈছে।

এই কনভিক্স ভেকচিনটোৰ প্ৰথমটো টীকা গ্ৰহণ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ পিছতহে ইয়াৰ দ্বিতীয়টো টীকা প্ৰদান কৰা হয়। উল্লেখ্য যে তেওঁ ইয়াৰ প্ৰথম পৰ্যায়ৰ টীকাহে গ্ৰহণ কৰিছিল।