ৰাজ্যত যোৱা কিছুদিনত কোভিড সংক্ৰমণৰ হাৰ কিছু হ্ৰাস পাইছে যদিও এতিয়াও প্ৰতিদিনে হাজাৰোধিক লোক এই মহামাৰীৰ কবলত পৰি আছে। দেওবাৰৰ দিনটোত ৰাজ্যত পুনৰ ১২১৩ জনৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰে। বিগত ২৪ ঘণ্টাত অসমত কোভিড সংক্ৰমণৰ ফলত পুনৰ ২০জন ৰোগীয়ে প্ৰাণ হেৰুৱায়।
স্বাস্থ্য বিভাগৰ তথ্যমতে, দেওবাৰৰ দিনটোত কামৰূপ মহানগৰত ১৪০ জন, গোলাঘাটত ১১৪জন, শোণিতপুৰত ৯৬ জন আৰু ডিব্ৰুগড়ত ৮৩জন সৰ্বাধিক কোৰোনাত আক্ৰান্ত হয়। বৰ্তমানলৈকে ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৫১৭১৯৪জনলৈ বৃদ্ধি পাইছে। ইফালে স্বাস্থ্য বিভাগে জনোৱা মতে, অসমত সুস্থতাৰ হাৰ বৰ্তমান ৯৫ শতাংশতকৈও বৃদ্ধি পাইছে। দেওবাৰৰ দিনটোত ৰাজ্যত ২৭৭৫ জন কোভিড ৰোগী সুস্থ হৈ উঠে।