কোভিড আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে দিল্লীত কৰ্মৰত জ্যেষ্ঠ সাংবাদিক নিলাক্ষী ভট্টাচাৰ্যই। কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা নিলাক্ষী ভট্টাচাৰ্যৰ শুকুৰবাৰে পুৱা দিল্লীৰ প্ৰতীক্ষা হাস্পতালত মৃত্যু ঘটে। ইফালে তেওঁৰ স্বামী তথা আসাম ট্ৰিবিউন কাকতৰ দিল্লীৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সাংবাদিক কল্যান বৰুৱাও কোভিডত আক্ৰান্ত হৈ বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে, টাইমছ অৱ ইণ্ডিয়া গ্ৰুপৰ জ্যেষ্ঠ সাংবাদিক হিচাপে কৰ্মৰত আছিল নিলাক্ষী ভট্টাচাৰ্য।
এগৰাকী পৰ্বতাৰোহী হিচাপেও সুপৰিচিত নিলাক্ষী ভট্টাচাৰ্য গুৱাহাটীৰ দুসাহসিক ক্ৰীড়া সংগঠন এক্সপ্ল’ৰাছৰ প্ৰতিষ্ঠাপক সদস্য আছিল। জ্যেষ্ঠ সাংবাদিকগৰাকীৰ বিয়োগত ৰাজ্যৰ লগতে দেশৰ সাংবাদিক মহলত শোকৰ ছাঁ পৰিছে।