কোভিডৰ কোনো লক্ষণ নাই মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ দেহত…

71

ডিজিটেল ডেস্কঃ মাৰ্কিন ৰাষ্ট্ৰপতি ক্ৰমাৎ সুস্থ হৈ উঠিছে। কোভিড-১৯ত আক্ৰান্ত হোৱা ডোনাল্ড ট্ৰাম্পক প্ৰথমতে ৱাল্টাৰ ৰীড হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও মঙলবাৰে তেওঁ হোৱাইট হাউচলৈ উভতি আহে।

মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ চিকিৎসকে টুইটযোগে সদৰী কৰা মতে, তেওঁ কোভিড আক্ৰান্ত হোৱাৰ পিছত হোৱাইট হাউচত প্ৰথম নিশা সুন্দৰভাৱে পাৰ কৰে। বুধবাৰে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু এই পৰীক্ষাত কোভিডৰ কোনো লক্ষণ তেওঁৰ দেহত ধৰা পৰা নাই। অতি শীঘ্ৰেই ডোনাল্ড ট্ৰাম্প সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব বুলিও মন্তব্য কৰে চিকিৎসকে।

উল্লেখ্য যে, ডোনাল্ড ট্ৰাম্পৰ লগতে তেওঁৰ পত্নী তথা ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্পো কোৰোনাত আক্ৰান্ত হৈছিল।