কোভিডৰ আতংক! কামৰূপ জিলাৰ সকলো বনভোজস্থলী বন্ধ ঘোষণা

86

সমগ্ৰ অসমৰ লগতে কামৰূপ জিলাতো ভয়াবহ হাৰত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। তেনে পৰিপ্ৰেক্ষিতত মহানগৰীৰ পাৰ্শ্বৱৰ্তী পৰ্যটনস্থলীসমূহ সাময়িকভাৱে বন্ধ ৰখাৰ ঘােষণা কৰিছে জিলা প্ৰশাসনে।

কামৰূপ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ কৈলাশ কাৰ্তিক এনে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ অধীনত জিলাখনৰ বনভোজথলীসমূহ বন্ধ ৰাখিবলৈ এক নিৰ্দেশনা জাৰি কৰিছে।

শুকুৰবাৰ অৰ্থাৎ ২১ জানুৱাৰী ২০২২ৰ পৰা বলৱৎ হোৱা এই নিৰ্দেশনা অনুসৰি জিলাখনৰ উকীয়াম, চানডুবি, ৰাণীখামাৰ, কপিলী, কেদাৰ, দীৰ্ঘেশ্বৰী, কুলশী, বাৰেগাঁও, মগন কামদেৱ, মালাং, শিলডুবিকে ধৰি জিলাখনৰ সকলো বনভোজথলী পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব।

এই নিৰ্দেশনা উলংঘা কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ ৫১ৰ পৰা ৬০ দফাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত বিহীত ব্যৱস্থা লোৱা হ’ব।