ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা আক্ৰান্ত হৈছে কোৰোনাত। মন্ত্ৰীগৰাকীয়ে নিজেই টুইটাৰ যোগে এই কথা জানিবলৈ দিছে।
তেওঁ জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে তেওঁৰ কোভিড টেষ্ট কৰা হয়। তেওঁৰ দেহত কোৰোনাৰ সাধাৰণ লক্ষণ আছে আৰু বৰ্তমান হোম আইচ’লেছন হৈ আছে।
আনহাতে মন্ত্ৰীগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে কোভিড টেষ্ট কৰাবলৈ আহ্বান জনাইছে।
