কোভাক্সিনৰ দ্বিতীয় ডোজ ল’লে মোদীয়ে

68

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ল’লে কোভাক্সিনৰ দ্বিতীয় ডোজ। বৃহস্পতিবাৰে ৰাতিপুৱা দিল্লী AIIMS-ত নিজৰ ভেক্‌চিন পর্ব শেষ কৰে প্রধানমন্ত্রীয়ে। তেওঁক ভেক্‌চিন দিয়ে দুগৰাকী নার্ছে ৷ নাৰ্ছ দুগৰাকী ক্ৰমে পণ্ডিচেৰীৰ পি.নিভেদা আৰু পাঞ্জাৱৰ নিশা শর্মা।

ভেক্‌চিন লোৱা মুহূর্তৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি প্রধানমন্ত্রীয়ে জনাইছে, “মই ক’ভিড-১৯ ভেক্‌চিনৰ দ্বিতীয় ডোজ লৈছো এইমছ্‌ত। ক’ৰ’নাক দমন কৰিবলৈ থকা পথ সমূহৰ ভিতৰত অন্যতম এই ভেক্‌চিন। আপুনি যদি ভেক্‌চিন লোৱাৰ বাবে উপযুক্ত, তেনেহ’লে দেৰি নকৰি এতিয়াই ভেক্‌চিন লৈ লওক। ৰেজিষ্টাৰ কৰক http://CoWin.gov.in লিঙ্কত।”