কোন হব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ…

91

অহা ২৩ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিব দেশৰ মুখ্য ন্যায়াধীশ এছ এ বোবডেয়ে। দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা এছ এ বোবডেৰ পিছত কোন হব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ তাক লৈ আৰম্ভ হৈছে জল্পনা কল্পনাৰ।

পৰম্পৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ বাচনি সন্দৰ্ভত বৰ্তমানৰ মুখ্য ন্যায়াধীশ এছ এ বোবডেলৈ পত্ৰ প্ৰেৰণ কৰিছে। চৰকাৰী এক সূত্ৰৰ মতে, কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখি তেওঁৰ উত্তৰাধিকাৰী কোন হব সেই সন্দৰ্ভত মত বিচাৰিছে।

উল্লেখ্য যে, দেশৰ পৰম্পৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে পত্ৰ লিখি মুখ্য ন্যায়াধীশৰ পৰা পৰৱৰ্তী মুখ্য ন্যায়াধীশ বাচনি সন্দৰ্ভত মত বিচাৰে। তাৰ এমাহৰ পিছত মুখ্য ন্যায়াধীশেও পত্ৰ যোগে কেন্দ্ৰীয় চৰকাৰক পৰৱৰ্তী ন্যায়াধীশৰ বাচনি সন্দৰ্ভত নিজৰ মত প্ৰেৰণ কৰে। ইফালে উচ্চতম ন্যায়ালয়ৰ চিনিয়ৰ ম’ষ্ট ন্যায়াধীশ এন বি ৰমাণাকে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হব পাৰে বুলিও চৰ্চা আৰম্ভ হৈছে।