কোনো মুছলমান নাৰীয়ে নিবিচাৰে স্বামীয়ে ৩জনীকৈ বিয়া কৰোৱাতো।
মুছলমান ছোৱালীৰ বাবে হ’ব লাগে UCC।
ইউনিফৰ্ম চিভিল ক’ড চমুকৈ UCCৰ সমৰ্থন কৰি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
তেওঁ কয়- মই যিমান মুছলমান মানুহ ল’গ পাইছো সকলোৱে UCCক সমৰ্থন কৰিছে।কোনো মুছলমান নাৰীয়ে নিবিচাৰে যে, মোৰ স্বামীয়ে তিনিজনকী বিয়া কৰোৱাক।
UCC মোৰ সমস্যা নহয়, এইটো মুছলমান নাৰীৰ সমস্যা। ভৱিষ্যতে মুছলমান নাৰীয়ে ন্যায় পাবলৈ হ’ল UCC লাগিবই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
তেওঁ কয়- মই হিন্দু, মোৰ ভগ্নী, মোৰ ছোৱালীৰ বাবে ইউনিফৰ্ম চিভিল ক’ড আছে। এই ইউনিফৰ্ম চিভিল ক’ড কবজ মুছলমান মহিলাৰ প্ৰতিও হোৱাটো দৰকাৰ।
